শীল, বিদ্যোৎসাহী, সংযমী আৰু একাগ্ৰচেতা লোকেহে বিচাৰিব পাৰিছিল। এই বিদ্যা অভিমানী লোকসকলে অনেক কাল সিদ্ধ গুৰুৰ ঘৰত থাকি, গুৰুৰ কাৰণে অশেষ কষ্ট কৰি খেতিবাতি কৰি দি নাইবা গৰু, ভেৰা আদি চৰাই ৰাখি, গুৰুৰ পৰা লাহে লাহে এই মহাবিদ্যা পাইছিল। সেই কাৰণে যিসকলে প্ৰকৃত ঈৰ-তত্ত্ব বিচাৰিছিল তেওঁলোকে সমাজ ত্যাগ কৰি গুৰু-গৃহত ব্ৰহ্মচাৰী হৈ ভৃত্যৰ দৰে থাকিব লাগিছিল। উপনিষদৰ কালত ব্ৰহ্মজ্ঞ ঋষিসকলে শিষ্যবিলাকক যদিও বিলাসী, ভোগী বা অভিমানী হবলৈ নিদিছিল আৰু তপস্যাৰ দ্বাৰা সদায় নিজৰ নক সাংসাৰিক আকাঙ্ক্যা বা অভিলাষৰ পৰা মুক্ত কৰি চলিবলৈ কৈছিল কিন্তু পিছত ঈশ্বৰসাধকসকলৰ এনে বিশ্বাস হল যে সংসাৰ ত্যাগ নকৰিলে ঈৰক পাব নোৱাৰি; শৰীৰক অশেষ শাস্তি নিদিলে মানুহৰ অভিলাষ অৰ্থাৎ ইন্দ্ৰিয় দমন কৰিব নোৱাৰি। গতিকে ঈশ্বৰবিশ্বাসী আৰু ঈশ্বৰ অভিলাষী সমাজৰ ভাল মানুহবিলাকে সংসাৰত্যাগী হৈ কঠোৰ তপস্যাত মগ্ন হৈ হাবিয়ে-বননিয়ে, পৰ্বত-গুহা ইত্যাদিত বাস কৰিবলৈ ধৰিলে। বৌদ্ধ-গ্ৰন্থৰ বিৱৰৰ পৰা
পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯
বুদ্ধদেৱ