পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

বিলকিত ঈশ্বৰৰ শক্তি পৰিচায়ক সৰ্বশক্তিমান সূৰ্য্য, বায়ু, বৰুণ, বিদ্যুতৰ ৰজা ইন্দ্ৰ আৰু সৰ্ব্ব- জীৱস্ৰষ্টা প্ৰজাপতিৰ উপাসনা আছে; আৰু সৰ্ব্ব- শক্তিমান ঈশ্ববৰ উপাসনাও আছে। ২য় খণ্ডত নানা প্ৰকাৰ যজ্ঞ আদিৰ নিয়ম-প্ৰণালী আছে— কেনেকৈ হোম কৰিব লাগিব, কি কি জন্তু বলি দিব লাগিব ইত্যাদি বিষয়ে। তৃতীয় খণ্ডকে উপনিষদ বুলিব পাৰি। এই খণ্ডত যজ্ঞ, ঈশ্বৰ তত্ত্ব সম্বন্ধে গভীৰ আৰু গৃঢ় আলোচনা কৰা হৈছে।

যদিও উপনিষদ বা কোনো কোনো দৰ্শনশাস্ত্ৰত এই যজ্ঞ আদি কৰ্ম্মকাৰ্যৰ উপকাৰিত সম্বন্ধে আপত্তি প্ৰকাশ কৰা হৈছিল তথাপি বুদ্ধ আৱিৰ্ভাৱ হোৱা কালত ইয়াৰ প্ৰকোপ বেছিকৈ বাঢ়িহে গৈছিল। ইয়াৰ কাৰণ ভাবি উলিয়াবলৈ বেছি পৰ নেলাগে। যদিও ইহুদীবিলাকেই পৃথিবীত প্ৰথম এক ঈবাদী বুলি দাবী কৰে; প্ৰকৃততে নিৰাকাৰ ঈশ্বৰৰ এক ঈশ্বৰবাদ প্ৰথমে ভাৰতবৰ্ষতেই যে বিকাশ হয় এই সম্বন্ধে পণ্ডিতসকলৰ মাজত মতভেদ নাই বুলি কব পাৰি। কিন্তু এই ঈশ্বৰ তত্ব বেছিভাগ সাধাৰণ মানুহৰ মনোগত নাছিল বুলি কলে ভুল নহব। এই ব্ৰহ্মবিদ্যা অতি চিন্তা-