পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

বুৰঞ্জীত ছয়-ব্ৰাহ্মণৰ দৰ্শন শাস্ত্ৰৰ সম্বন্ধে পঢ়িছ। এই দৰ্শনৰ যুগে প্ৰায় ৩০০০ বুছৰমান আগতে আছিল বুলি নিৰ্ধাৰিত কৰিছে আৰু বৌদ্ধ ধৰ্ম প্ৰচাৰ আনকি তাৰ পিছতত দৰ্শন চৰ্চা চলি থকাৰ প্ৰমাণ পোৱা যায়। পণ্ডিতসকলে স্থিৰ কৰিছে যে বৌদ্ধ ধৰ্মৰ মূল ভিত্তি সাঙ্খ্য দৰ্শন।

বুদ্ধ আৱিৰ্ভাব হবৰ সময়ত মানুহৰ ধৰ্মবিশ্বাস যেনেকুৱা আছিল সেই কথা জানিবলৈ হলে আমি বেদ, উপনিষদ আদিৰ বিষয়ে অলপ জনা উচিত। ৰামায়ণ পঢ়োতে তোমালোকে পাইছা কেনেকৈ ঋষি-মুনিসকলে নগৰৰ পৰা দূৰৈত আশ্ৰম পাতি ঈশ্বৰৰ বিষয়ে চিন্তা কৰিছিল আৰু মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ঠাইত শাস্ত্ৰ উদঘাটন কৰিছিল। বেদৰ গানে এই ঋষিবিলাকে ঈশ্বৰৰ পৰা পোৱা বুলি ঈশ্বৰবিশ্বাসী লোকে বিশ্বাস কৰে। বেদ চাৰিখন। ইয়াৰ ভিতৰত ঋক, সাম যজুৰ এই তিনিখনক তিনি ভাগত বিভক্ত কৰিব পাৰি। প্ৰথম খণ্ডত স্তোত্ৰ আৰু গীত, দ্বিতীয় খণ্ডত সেই স্তোত্ৰ গাওঁতে কৰিবলগীয়া যাগ-যজ্ঞ আৰু ক্ৰিয়া কাণ্ড নিয়ম- প্ৰণালীৰ বৰ্ণনা আৰু তৃতীয় খণ্ডত ঈশ্বৰ-তত্ত্ব সমন্ধে আলোচনা বা বিচাৰ আছে। বেদৰ গান