পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
বুঢ়াভাষ্য


কলিৰ যুগৰ সবে নিৰ্ণয় কহিলা।
আৰু প্ৰশ্ন কৰি কথা সুধিবাক লৈলা॥
কোনে ধৰি আছে ইতো সসাগৰা মহী।
কহিয়ো আমাত তুমি কথাক হৰিষি॥ ১০৭
শুনি মহাদেৱে পাছে হৰিক স্মৰিলা।
হৃদয়ে হৰিক চিন্তি কহিবে লাগিলা॥
ঈশ্বৰৰ লীলা কহি কোনে পাৱে সীমা।
আদি অন্ত নাহি যাৰ অদ্ভুত মহিমা॥ ১০৮
তথাপিতো কিছুমান কওঁ শুনা আমি।
স্থিৰ মন কৰিয়া শুনিও তাক -তুমি॥
সবাৰ তলত নাগ গণ যে আছয়।
তাৰ সীমা সংখ্যা কোনে কৰিবে নিশ্চয়॥ ১০৯
তাহাত জন্মিয়া আছে পদ্ম এক যাৰ।
আদি অন্ত সীমা তাৰ কোনে পাৱে আৰ॥
সপ্তদ্বীপ পৃথিবীক পাতে আছে জুৰি।
কোনে কহিবেক তাৰ কৈত আছে গুৰি॥ ১১০
পৰম কঠিন সিতো ব্ৰহ্মাণ্ডক জুৰে।
অস্ত্ৰে শস্ত্ৰে কোনে তাক কাটিতে নাপাৰে॥
আৰু তাৰ পাহি কণিকাৰ নাই সীমা।
কোনে কহি আৰ পাৱে তাহাৰ মহিমা॥
তাহাত বসিয়া আসে দ্ৰবিড় মহন্ত
তাহাৰ মহিমা কহি কোনে পাৱে অন্ত॥