পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি৷

—:∗:—

আমাৰ ভাষাত গোটেই মহাভাৰত আৰু ৰামায়ণ সাঁচিপতীয়া পুথিৰ আকাৰত এঠাইত এখণ্ড এঠাইত এখণ্ডকৈ আছে। আজি বহুত দিনৰ পৰা এই পুথিখিনি গোটাই শক্তি অনুসৰি ছপাই ৰাইজৰ আগত ডাঙ্গি ধৰিম বুলি আশা কৰি আছিলোঁ। এতিয়া এই কাৰ্য্য হাতত লবলৈ স্থিৰ কৰি সৰ্ব্বপ্ৰথমতে এই “বিৰাট পৰ্ব্ব” খনি ছপাবলৈ ওলালোঁ। এই প্ৰথম বাৰত বহুতো ভুলচুক থাকি যাব। কিন্তু আশা কৰোঁ পুনৰ ইয়াক ছপোৱাত ইয়াৰ সকলো দোষ দূৰ কৰি উলিয়াব পাৰিম। বেয়া হলেও মাতৃভাষাৰ পৰি থকা পুথি আমাৰ ৰাইজে ছপাত দেখিবলৈ পাই নথৈ সন্তোষ পাব। এই ভাবিয়েই এই কাম হাতত ললোঁ।

 এই পুথি কামৰূপৰ কায়স্থ বংশজাত ৺ কংসাৰি কবিৰ দ্বাৰা ৰচিত। এওঁ এজন শঙ্কৰদেৱৰ সমসাময়িক পণ্ডিত। এওঁ এই পুথিত বাজেও আৰু বহুত পুথি ৰচি গৈছে সেই পুথিবোৰ গোটাবলৈ যত্নবান আছোঁ। সেইবিলাকৰ পৰা উদ্ধাৰ কৰি এই কবি সম্বন্ধে আমি ৰাইজক আৰু জানিবলৈ দিব পাৰিম।

শ্ৰীদুৰ্গাধৰ বৰকটকী।

——