পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বিৰাট পৰ্ব্ব।

সবে হয় গুণ জানো কহিবওঁ কিক।
সকলে চিকিৎসা জানো নামত গ্ৰন্থিক॥৩০৬
বিৰাটে বোলন্ত মোৰ যতেক বাহন।
ঘোড়া ৰক্ষা আছয় যতেক গুণগণ॥৩৩৭
আজি হন্তে সবাতো কৰিয়া অধিকাৰ।
যেবে জানা এহি কৰ্ম্ম উচিত তোমাৰ॥৩৩৮
যেতিক্ষণে তোমাসাক দেখিলো নয়নে।
ৰাজা যুধিষ্ঠিৰক দেখিলো মানো মনে॥৩৩৯
হৰি হৰি যুধিষ্ঠিৰ কৈক লাগি গৈলা।
ইহেন সেবকে কোন নগৰ এৰিলা॥৩৪০
সমাজত চায়া থাকে তব ভৃত্যগণ।
সেবকক এৰি কেনে সুখে আছা বন॥৩৪১
জানিবা মোহোৰ ৰাজ্য পাণ্ডবৰ ৰাজ।
অচিন্তে থাকিয়ো বাপু আমাৰ সমাজ।৩৪২
এহিৰূপে পাঞ্চো ভাই বিৰাট নগৰে।
সুখে আছিলন্ত নিছিনিল একো নৰে॥৩৪৩
দ্ৰৌপদীও যত্ন কৰি সুদেষ্ণাক সেৱে।
পাণ্ডবৰ পত্নী বুলি নিচিনিল কেৱে॥৩৪৪
পাসা খেলি যুধিষ্ঠিৰে যত ধন পান্ত
চাৰি ভাইক কিছু কিছু কৰি বাঁটি দেন্ত॥ ৩৪৫