পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বিৰাট পৰ্ব্ব।

পুত্ৰক আশায়ে গৰ্ভ ধৰন্ত কাঙ্কৰী।
সেই পুত্ৰ খুসি খাই কাঙ্কৰী যাই মৰি॥২৬৬
তোকো বাসা দিবো যেবে নভোগে বসতি।
মোক লঙ্ঘিবাক পাৰে কাহাৰ শকতি॥২৬৭
পাঞ্চোটা গন্ধৰ্ব্ব মোৰ পতি বলৱন্ত।
অদৃশ্য স্বৰূপে মোক সততে ৰাখস্ত॥২৬৮
কাৰুণ্য বচনে মোক যাচৈ বহু বিত্ত।
জানিবাহা তথাপিতো নচলয় চিত্ত॥২৬৯
যদি মুঢ়ে লোভে মোহে পৰশয় মোক।
সিয়ো ক্ষণি সিয়ো দেখিবেক পৰলোক॥২৭০
সাগৰো শুখাই যদি মেৰুগিৰি লৰে।
চন্দ্ৰ সূৰ্য্য খসি আসি পৃথিবীত পৰে॥২৭১
পৃথিবী উলটে বহ্নি হোৱয় শীতল।
তথাপি মোহোৰ চিত্ত নুহিব চঞ্চল॥২৭২
মোৰ পাঞ্চ পতি পাঞ্চ গন্ধৰ্ব্ব কুমাৰ।
প্ৰস্তাবত তোমাক কৰিবে উপকাৰ॥ ২৭৩
সুদেষ্ণা বোল তেবে থাকা মোৰ ঘৰ।
স্থান পায়া দ্ৰৌপদী বঞ্চিলা সাম্বৎসৰ॥২৭৪
অনন্তৰে সহদেবে গোপৰূপ ধৰি।
হাতে গোৱালৰ ডাঙ্গ পশিলা নগৰি॥ ২৭৫