পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বিৰাট পৰ্ব।

বৰ্ত্তুল কোমল ঘন পীন স্তন ভাৰ।
শশাভন কুন্তল পীন নিতম্ব তোমাৰ॥২২৬
ওঠ অধৰ তোৰ যেন বিম্ব ফল।
পূৰ্ণচন্দ্ৰ সম শোভে বদন মণ্ডল॥২২৭
কমুগ্ৰীৱ গুঢ় শিৰ কৃশ মধ্য তনু।
মনে গুণো বতসাতে ভাগি পৰে যেনো॥২২৮
বত্ৰিশ লক্ষণ দেখো আছে তোৰ গাৱে।.
তিনি গোটা গম্ভীৰ উন্নত ছয় ঠাৱে॥২২৯
চাৰিখান হ্ৰস্ব সাতখান যে কোমল।
চাৰিখান দীৰ্ঘ তিনিখানত বহল॥২৩০
পাঞ্চখান ৰক্তদেহা লক্ষণ সুচান্দ।
উৎপল সমান তোৰ শৰীৰৰ গন্ধ॥২৩১
নীল উৎপল সম আয়ত লোচন।
ৰাজহংস সম যেন মধুৰ বচন॥২৩২
পদ্মবন এড়ি কিবা লক্ষ্মী আসি আছা।
নোহা সেবকিনী মাৱ নোবোলস মিছা॥২৩৩
দানৱ নাৰী কিংবা যক্ষৰ সুন্দৰী।
গন্ধৰ্ব্বৰ নাৰী কিংবা তুমি অপেশ্বৰী॥২৩৪
আদিত্যৰ ছায়া কিবা চন্দ্ৰৰ ৰোহিনী।
বৰুণৰ সত্যবতী হৰৰ পাৰ্ব্বতী॥২৩৫