পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বিৰাট পৰ্ব্ব।

শৰীৰৰ ৰূপে যাৰ নগৰি প্ৰকাশে।
তেহে কি আসিল ভাত কাপৰৰ আশে॥২১৬
বিৰাট মহিষী চড়ি আছয় মেঢ়ত।
দ্ৰৌপদীক দেখিল বাহিৰ দুৱাৰত॥২১৭
আতি ৰূপবতী এক খানি বস্ত্ৰ গাৱে।
অধোমুখে চলি আসে গম্ভীৰ স্বভাৱে॥২১৮
দূত পঠাই মতাই নিল আপোনাৰ থানে।
দ্ৰৌপদীত পুছিলন্ত মধুৰ বচনে॥২১৯
কোথাহন্তে আসি আছ কিবা তব নাম।
মোহোৰ ৰাজ্যক আসি আছা কোন কাম॥২২০
দ্ৰৌপদী বেলন্ত শুনা ৰাজপটেশ্বৰি।
সৈৰিন্ধ্ৰী আসিয়া আছো তোমাৰ নগৰি॥২২১
যেই অন্ন বস্ত্ৰ দেই থাকো তাৰ থানে।
তাৰ শিল্পীকৰ্ম্ম কৰো জানো যত মানে॥২২২
বিৰাট মহিষী হাসি হাসি বোলে বাণী।
কাণে নোসোমাই মাৱ তোহোৰ কাহিনী॥২২৩
ত্ৰৈলোক্য মোহনি ৰূপ তুমি বোলা দাসী।
নুহিকয় দাসী এক ৰাজাৰ মহিষী॥২২৪
হাতৰ ভৰিৰ গাস্থি একোৱে নমনি।
উৰূযুগ জৱঞ্জ কোমল বুলি জানি।২২৫