পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বিৰাট পৰ্ব্ব।

শৈৰিন্ধ্ৰী * স্বৰূপে চলি যান্ত একাকিনী।
সচকিতে চাহে যেন বনৰ হৰিনী॥২০৭
ভাল ৰূপ দেখি নগৰৰ নৰ নাৰী।
আঞ্জৰে পাঞ্জৰে যাই তাহাঙ্ক আবৰি॥২০৮
কেহহা উপহাস্যে পুছে কেহো মনে মানে।
কৈৰ হন্তে আসিলাহা যাহা কোন স্থানে॥২০৯
কাহাৰ বহাৰী তুমি কাহাৰ জিয়াৰী
তোমাৰ সমান ৰূপে নতু দেখো নাৰী॥২১০
উত্তৰ নেদন্ত তৱ দুনাই দুনা পুছে।
ঝুমা ঝুমে নৰ নাৰী লগৰ নুগুচে॥২১১
চক্ষুৰ লোটক ৰাখিলন্ত যত্ন কৰি।
উত্তৰ দিল পাছে লজ্জা পৰিহৰি॥২১২
আমি দুখুনীৰ কেনে পুছহ কাহিনী।
যেয়ে অন্ন বস্ত্ৰ দেই ফুৰো তকে জানি॥২১৩
আনো নানা কৰ্ম্ম মানে কিছুৱে নাজানে।
তাকে শিল্পীকৰ্ম্ম কৰো জানো যত মানে॥২১৪
সেহি ৰূপ দেখি শুনি মধুৰ বচন।
এহে দাসী হেন নাজানিল একো জন॥২১৫



  • শৈৰিন্ধী পৰবেশ্মস্থা স্ববসা শিল্পকায়িকা।