পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বিৰাট পৰ্ব্ব।

তোমাকেসে সেবিবেক তোমাৰ লগৰি।
মই সবান্ধবে থাকিবোহো সেবা কৰি॥২৭৭
যুধিষ্ঠিৰ বোলন্ত ৰাজাৰ জয় হোক।
এক বৰ দিবা লোকে নিনিন্দয় মোক॥২৭৮
আৰু বৰ দিয়া পাসা খেলিবৰ ধন।
কালিয় নকৰিবা দিবা তেতিক্ষণ॥২৭৯
সমাজক শুনাই ৰাজা বুলিলা বচন।
কঙ্কৰ বিপ্ৰিয় কৰ্ম্ম কৰে যিবা জন॥২৮০
ব্ৰাহ্মণকো নিকালিবো আনক কাটিবো।
যাৰ বাহুবৰ হুই তাকো সবে দিবো॥২৮২
বাহিৰৰ ভিতৰৰ দিবো অধিকাৰ।
একো থানে নধৰিবো তোমাৰ দুৱাৰ॥২৮২
পাছে সুপকাৰ ৰূপ ধৰি বৃকোদৰ।
সন্নহা কৱচ ধৰিলন্ত বাম কৰ॥২৮৩
মাছ কটা খাণ্ডাখান ডাহিন হাতত।
কৃষ্ণবৰ্ণ বসন পিন্ধিলা শৰীৰত॥২৮৪
ধীৰ ধীৰ কৰি ৰাজ সমাজক যান্তে।
বিৰাট নৃপতি দেখিলন্ত প্ৰবেশন্তে॥ ২৮৫
সকল সমাজে দেখি কৰে কণাকণি।
বিহ্বল স্বভাৱে ৰাজা বুলিলন্ত বানি॥২৮৬