পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বিৰাট পৰ্ব্ব।

এতকতে যুধিষ্ঠিৰে পাইলন্ত সমীপ।
হাত তুলি বোলন্ত কল্যান হও নৃপ॥১৬৭
দৰিদ্ৰ ব্ৰাহ্মণে আসি আছে তযু থান।
পালিবাহা মোক নকৰিবা অৱমান॥১৬৮
এহি শুনি মৎস্য ৰাজা ভৈলা ৰঙ্গ মন।
সকলে কৰিবো হেন তোমাৰ বচন॥১৬৯
পাদ্যঅৰ্ঘ আচমনি আসন দিলন্ত।
পাছে মৎস্য ৰাজা হাস্য কৰি পুচিলন্ত॥১৭০
গোত্ৰনাম কহিৱো আছিলা কাৰ থান।
কিবা কৰ্ম্ম কৰিবাক জানা বিদ্যমান॥১৭১
যুধিষ্ঠিৰে কহিলন্ত মৎস্যৰ আগত।
কঙ্ক হেন নাম মোৰ খ্যাত জগতত॥১৭২
শ্ৰুতিৰ ব্ৰাহ্মণ মোৰ গোত্ৰ ব্যাঘ্ৰপদ।
যুধিষ্ঠিৰ ৰাজাৰ অছিলো সভাসদ॥১৭৩
সাজিবাক জানৱো বিচিত্ৰ পাস বল।
পাস খেলিবাত আমি বৰহি কুশল॥১৭৪
বিৰাটে বোলন্ত আজি মোৰ বৰ ভাগ।
উত্তম পাসাল বহুকালে পাইলো লাগ॥১৭৫
পাস খেলি সেবিবাহা নেদেখোহো ওগ।
মোৰ প্ৰিয় সখা হোৱা ভুঞ্জা সুখভোগ॥১৭৬