পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বিৰাট পৰ্ব্ব।

নিশা গোট বঞ্চিলন্ত বাহিৰ গ্ৰামত।
নগৰক গৈলন্ত প্ৰভাত সময়ত॥১৫৭
যেন ৰূপে আসিল এড়িলা সি বেশ।
আগ যুৰা বান্ধি পাছে বান্ধিলন্ত কেশ॥১৫৮
শুক্ল পুষ্প তুলসী বান্ধিলা আগ কৰি।
দীৰ্ঘ তিলক শুক্লা ধুতিয়ে উত্তৰি॥১৫৯
পাসৰ টোপোলা খানি লৈলন্ত কাখত।
একুচি পচোৰা খানি পিন্ধি ওপৰত॥১৬০
সভা পাতি মত্‌স্য ৰাজা বসিয়া আছন্তে।
যুধিষ্ঠিৰ ৰাজাক দেখিলা প্ৰবেশন্তে॥১৬১
নিচিনয় চন্দ্ৰ সূৰ্য্য মেঘে যেন ঢাকে।
অগ্নিকো নিচিনে যেন ভস্ম মাজে থাকে॥১৬২
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ জলয়।
চন্দ্ৰ সূৰ্য্য সমান জয়তি আতিশয়॥ ১৬৩
সবাহাতে মৎস্য ৰাজা পুচয় সঙ্কেতে।
ই বিপ্ৰক দেখি আছা কোনেবা কহিতে॥১৬৪
নোহন্ত ব্ৰাহ্মণ এহি মানো মই মনে।
এহে সাৰ্ব্বভৌম ৰাজা কহয় লক্ষণে॥১৬৫
ৰথ ধ্বজ ঘোটক নাহিকে ধনুৰ্ব্বান।
তথাপিতো জলে এহে মহেন্দ্ৰ সমান॥১৬৬