পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাট পৰ্ব্ব।

ভীমে কোন কৰ্ম্ম কৰিবেক বিৰাটৰ।
তেতিক্ষণে ৰাজাক মাতিলা বৃকোদৰ॥৩৭
বিৰাট ৰাজাৰ মই হইবোঁ সুপকাৰ।
ৰান্ধিৱো অন্ন সুপ ব্যঞ্জন সম্ভাৰ॥৩৮
আৱতিবোঁ বহু বিধ দুগ্ধ নিতে নিত।
সাজিবোঁ দুগ্ধ পিণ্ড কৰি দিব্য ঘৃত॥৩৯
পৰ্ব্বত সমান ভাবে আনিবোহো খৰি।
তেবে হৈবো অন্ন ব্যঞ্জনৰ অধিকাৰী॥৪০
অন্ন ব্যঞ্জনক মই পেট ভৰি খাইবো।
বিস্তৰ কালৰ খঁক তেবে পাসৰিবো॥৪১
সিংহ বাঘ সমে যদি যুঁজাৱে আমাক।
তাহাক যুঁজিয়া তুষ্ট কৰাইবো ৰাজাক॥৪২
এহি কৰ্ম্ম দেখি দায়া কৰিবেক মোক।
যেন নৃপতিক দায়া কৰে সৰ্ব্ব লোক॥৪৩
ৰাজাৰ শত্ৰুক যদি যুঁজাৱয় মোক।
তেতিক্ষণে তাহাক পঠাইবো যমলোক॥৪৪
কৌতুকে যুঁজয় নৃপতিৰ মন্ত্ৰী-পাত্ৰ।
খলে নমাৰিবো যুদ্ধে জিনিবোহো মাত্ৰ॥৪৫
নৃপতিক কহিবো বল্লৱ মোৰ নাম।
যুধিষ্ঠিৰে শিখাইলন্ত সুপকাৰ কাম॥৪৬