আত্মনিবেদনৰ আগশৰাই শিৱসাগৰৰ কেইজনমান সমনীয়াই বহাগৰ মানুহ-বিহুৰ দিনা “ক্লব” ঘৰত “বিহু-সম্মিলনী” স্থাপন কৰিবলৈ বিশেষ আয়োজন কৰাত নিবেদকৰ এজন অন্যতম বন্ধুৱে সেই উপলক্ষে এখনি উপ- যোগী ৰচনা লিখিবলৈ নিবেদকক অনুৰোধ কৰে ৷ নিৰ্দিষ্ট ৰচকৰ বান্ধনিত মেৰ খাই আৰু হৃদয়ে সেই বিষয়ৰ নানা সম্বল লৈ থকা ভাৰ পাতলাবলৈ ভাল চেগ পোৱাত “বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র” বাহিৰ হ'ল । ৰচনাখনি সেই অধিবেশনত পাঠ কৰাৰ পিচত ইজন-সিজন শ্ৰোতাৰ পৰা “ৰচনা” ভাল হৈছে বুলি শলাগ লোৱা কাণত পৰাত ক্ষুদ্রপুথিৰ অকাৰেৰে তাকে ৰাইজৰ আগলৈ আগ বঢ়াই দিবলৈ প্ৰৱল ইচ্ছা হ'ল । সুহৃদজনৰ মত লৈ আজি ৰাইজৰ আগলৈ ক্ষুদ্ৰৰ্চনা খনিকে পুথিৰ আকাৰেৰে আগ বঢ়াই দিলোঁ । সেই দেখিহে “বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র” পুথিখনি ৰাইজৰ আগত উপস্থিত হবলৈ সক্ষম হৈছে । এই বিষয়ে সেই অধিবেশনত উপস্থিত থকা শ্রোতামণ্ডলী অশেষ ধন্যবাদৰ পাত্ৰ ৷ সাহিত্যক্ষেত্রলৈ আগবাঢ়িবলগীয়া আন আন পুথিৰ কামকো চেৰ পেলাই সাহিত্য-ক্ষেত্ৰত নামমাত্র চিনস্বৰূপে ভাৱনাৰ সূত্ৰ- ধাৰীৰ বেশেৰে যে এই ক্ষুদ্র পুথি আগ বাঢ়ি আগতে ওলাব পাৰিলে ই কেৱল নিবেদকৰ উৎপতীয়া- মনৰ আবেগ আৰু সম্মিলনীৰ কেইজনমান সমালোচকৰ হেঁচাত পৰি ৷ পুথিৰ ৰচনা ভাল-বেয়া do
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই