পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র কিৰণ লাহে লাহে তেজোময় হৈ গছলতাৰ গাত নতুন ৰহণ ঢালিছে। কুলিৰ পঞ্চম তানত কবি ভোল গৈছে৷ এজাৰে নিজাৰ পেলাইছে, বাটে পোৱালি মেলিছে, মৰাগৰু চালে হেম্বেলিয়াইছে । ফল-ফুলৰ ওপৰে ওপৰে ভোমোৰাই গুঞ্জৰি ফুৰিছে । মৰি থকা গছ বননিত গজালি উঠিছে। নৈ, বিল, পুখুৰীৰ পানী বাঢ়িব ধৰিছে। সকলোটিৰে ঐ, সকলোটিৰে বৃদ্ধি । এই শ্ৰী-বৃদ্ধিৰ সৌন্দৰ্য্যত প্ৰকৃতি আকৌ আপোনা আপুনিয়েই মত্ত আৰু নিজেই মুগ্ধ । কৰ্ত্তব্য-বীণৰ সুৰলৈ স্মৰণকৰি তেতিয়া কবিয়ে কবিৰ কৰ্ত্তব্য-জ্ঞান চিত্রাঙ্কণ কৰিবলৈ হাতত লিখনী লৈছে, খেতিয়ক আৰু খেতিয়কৰ হাতত কোৰ-কটাৰি লৈ ক্ষেত্ৰৰ ফালে খোজ লৈছে । কৰ্ম্ম-বোধ । [ ৩ ]