বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র গৰুৰ সৰঞ্জাম । গৰু আৰু বিহু ৷ এই দৰেই দিনৰ দিনটো। সূৰ্য্য অস্তগিৰি পাৰ হব খোজোতেই ঘৰৰ পদূলিয়ে পদূলিয়ে তুই, খেৰ, টিকনিবৰুৱা, ঠোঁটনি বন ইত্যাদিৰে জুইজাৰ ধোঁৱা দেখিবলৈ পোৱা যায়। সেই সময়তে ঘৰলৈ চাপি আহি গোহালিয়ে গোহালিয়ে ৰৈ থকা গৰুৰ ডিঙ্গিত তৰাআঁহৰ নতুন দুগুণীয়া ধুনীয়া ধুনীয়া পদ্মা। সেই জুই-জাগৰ উদ্দেশ্য এই যে সেই দিনাৰ পৰা মহ’ডাঁহ খেদাবলৈ জাগৰ ধোৱা আৰম্ভ কৰা হয় আৰু গৰুবটুৱা নহয় বুলি খেতিয়ক সকলে - বিশ্বাস কৰে। সি যি কি নহওক সন্ধ্যাৰ আৰতি শেষ হৈছে মাথোন এনেতে গাঁৱৰ বুঢ়া, ডেকা, ল'ৰা সকলো মিলি ঢোল, তাল, পেঁপা মুৰুলী লৈ হুঁচৰি গোৱাত ব্যস্ত। হুঁচৰি গোৱা মানুহ জুমে জুমে এফালৰ পৰা আনফাললৈ গতি কৰাৰ দৃশ্য অতি সন্তোষজনক। গতিত প্রকৃতি সজীৱ ৷ অন্তৰত নিৰ্ভীকতা ৰেখাৰ চিন। প্রায় প্রত্যেক গাৱঁত “গোবিন্দ কৃষ্ণ গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি এ হে,” “ৰাম জয় হৰি এ হে,” “চাই থাক চুঙ্গীয়া হাতত কাড়েফাই লৈ চৰাই কোনোটালে যায়ে ঐ” ; ইত্যাদি ঘোষাৰ চেৱে চেৱে ঢোলৰ গ্রিং [ ৩৪ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই