পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র সংক্রান্তিত পৰিচ্ছন্নতা। আৰু পৰিচ্ছন্নতাত পবিত্রতা । অতিথি সেৱা আৰু গঞা শুশ্রূষা । দৰিদ্ৰক সহায় কৰাৰ দিন এইটিয়েই আৰু সেয়েই গৃহস্থৰ পুণ্য কাম আৰু গার্হস্থ্য ধৰ্ম্ম । নতুন বছৰৰ দিন বাৰ চোৱাৰ দিন এইটিয়েই। বৰ্ষ-চক্ৰৰ ফলা- ফল গণনা কৰা জ্যোতিষী সকলৰ আৰু পুৰোহিত ব্রাহ্মণ সকলে গৃহস্থৰ ঘৰে ঘৰে গৈ মহাপ্ৰভুৰ আগৰ নিৰ্ম্মালি দি গৃহস্থৰ মনত অপূৰ্ব্ব আনন্দৰ পবিত্র ভাব সুমুৱাই দান-দক্ষিণা গ্ৰহণ কৰাৰ এই টিয়েই ভাল চো্। সংক্রান্তিৰ বাতিপুৱা স্নানাদি কাৰ্য্য শেষ কৰি ঘৰৰ ভিতৰ বাহিৰ মাটিৰে ভালকৈ লিপি-পুচি পৰিষ্কাৰ কৰে। সেই সময়ত এজন বিদেশীৰ চকুত যদি এই দৃশ্যটি পৰিবলৈ পায় তেন্তে সেই গৃহস্থৰ ঘৰৰ ওপৰত পবিত্ৰতা ভাব ভালকৈ তেওঁৰ মনত নুঠাকে নাথাকে । তেনে স্থলীত গৃহস্থৰ ঘৰত শ্ৰীলক্ষ্মী বাসকৰাৰ পট ভালকৈ জিলিকি উঠে। দহ-বাৰ বজালৈকে গৃহস্থৰ ঘৰত মাহ- হালধি বটা, লাও কোমোৰা কুটা, নাম ঘৰত কীৰ্ত্তন আদি প্ৰসঙ্গ কৰা, অভ্যাগতজনক সেৱা শুশ্রূষা কৰা; দহ গঁয়া ভকতক উৎসবৰ বাবে হাত মুখ ধুউৱা কামত ব্যস্ত। ইপিনে প্রায় ন মান বজাত গাত ন ন গামোচাৰে সৰু সৰু ল'ৰা ছোৱালীয়ে লাও, বেঙ্গেনা [ ৩ ]