পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র বসন্তৰ সমিধান আৰু কৰ্ম্মী সমাজৰ জয়-গীতি । ৰঙালি বিহুৰ উৰুকা । জাননী দিলে৷ কুলিৰ পঞ্চম সুৰৰ ধ্বনি দশোদিশে বিয়পি গল । বিমোহিত প্রাণ চকখাই উঠিল ৷ জীৱ-জন্তুৰ মন উত্ৰাৱল হল । শিক্ষাদায়িনী প্ৰকৃতিৰ মুখত হাঁহিৰ ভাব ভালকৈ সঞ্চাৰ হ'ল । তেতিয়া প্রকৃতিয়ে কৰ্ত্তব্যৰ বীণত ৰেপ দিবলৈ ধৰিলে । মানুহৰ মন কৰ্ত্তব্যৰ ফালে ঢাল ল'লে । বসন্ত-ৰাণীৰ কৰ্ত্তব্যৰ সমিধানত বঙালি বিহুৰ নিচান জগতত উৰিবলৈ ধৰিলে। জগতত আনন্দৰ কোলাহল উপস্থিত হ'ল। সেই আনন্দত বর্ণ বিশেষে সকলো জাতিৰ মন আকৰ্ষিত হ'ল। কৰ্ম্মীসমাজৰ ঘৰৰ আগে আগে তৰাআঁহৰ সুমৰুৰ চাক ওলাবলৈ ধৰিলে। এফালৰ মানুহ আনফালে আৰু আনফালৰ মানুহ ইফালে নিজ নিজ কাম হাতত লৈ অহাযোৱা কৰাত ব্যস্ত হল। চ'তৰ শেষ দিনলৈ আৰু মাত্ৰ এদিন বাকী। সেই দিনেই ৰঙালি বিহুৰ উৰুকা চ'তৰ বিহুৰ কাৰণে সকলো পিনেধুম ধাম । চহকীয়ে চহকী ভাৱে, দুখীয়াই দুখীয়াভাৱে খোৱা বস্তু গোটো- ৱাত ব্যস্ত। গাঁৱৰ প্ৰায় সকলো মানুহ ঘৰৰ বাহি- ৰত। সকলো পিনে সকলোৰে নিজৰ নিজৰ মনেৰে পিঙ পাঙ্ কৰি ঘুৰি ফুৰিছে। ল'ৰা বুঢ়া, ডেকা [ 28 ]