বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র গাঁৱৰ ৰীতিত বিজ্ঞান আৰু দৰ্শন। ৰীতি ৰক্ষাৰ উদ্দেশ্য। মানুহে বিশ্বাস কৰে আৰু সেই ভৰালৰ খুটাৰ বান্ধ নীৰ দ্বাৰাই গোটেই বছৰ জোৰাকৈ ভৰালত শ্ৰীলক্ষ্মী বাস কৰে বুলি মনত ডাঠকৈ ভাবি থয়। সেই বিশ্বাস আৰু ভাবৰ অৱশ্যে উপকাৰ আছে। তেনে কথাত বৈজ্ঞানিক আৰু দার্শনিক সত্যতা যে থাকিব নোৱাৰে তাৰ একো প্রমাণ নাই । কাৰণ, নিৰ্ম্মল নিম্নৰৰ পানী গছৰ ওপৰৰ পৰা তললৈ বৈ আহি যদি সেই বান্ধনীত ৰবলৈ পায় তেন্তে গছে তলব শিপাইদি জীপ লোৱাৰ বাহিৰেও সেই বান্ধনীৰ . গা-গছৰ গাতে জীপ লৈ গালৈ সোমায় আৰু তাৰ- ফলত গছ ফলৱৰ্তী হয় । প্রত্যেক পুহৰ শেষ দিনা মে-জি সাজি সামাজিক ৰীতি পালন কৰাৰ উদ্দেশ্য কেৱল মানুহৰ গাৰ পৰা সেই দিন। জুই ফুৱাই জাৰ গুচোৱা। এয়েই এটা আন্দোলন আৰু আন্দোলন- টিয়েই হিন্দুৰ এটি উৎসৱ ৷ এই দিনাই শীতেন্দ্ৰৰ কঠিন হৃদয়ৰ সহচৰক বিদায় দিয়ে। এই দিনৰ পৰা লাহে লাহে জুহালত সময় কটোৱা নিয়ম কম হৈ আহে। সূৰ্য্য-ৰশ্মিৰ তেজ বাঢ়ি যায়, অগ্নি-তাপৰ শক্তি বৃদ্ধি পায়। সি যি কি নহওক প্ৰায় দুপৰীয়া মুকলি পথাৰত গলধন ধৰা মতা ম'হৰ যুঁজ [ 2 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই