পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র যে-জিৰ দহন কাৰ্য্যত নীতি ৰক্ষা । নানা ৰং ধেমালি কৰি পালি মে-জিৰ এটা দুটাত জুই দিয়ে কেতিয়াবা সৰু ঢেৰুৱা মে-জিও এই সময়তে লগাই দিয়ে ৷ জুই লগোৱাৰ আগতে মে-জিৰ কেউ ফালে সকলোটি গোট খাই ঢোল তালেৰে “জয় হৰি বোলা, জয় ৰাম বোলা” “পালি মে-জিৰ কুশলার্থে এই বুলি হৰিধ্বনি দি মে-জিত জুই দিয়ে। জয়ধ্বনি লগাই দিয়া ডাঙৰমূৰীয়া এজন থাকে ৷ ভোজ থোৱাৰ পিচত গোটেই ৰাতি টিপাম ডেকাহঁত ভোজঘৰত নিশা-পালন কৰাৰ নিয়ম । ৰাতি খপিবৰ সম্বল হৈছে ভোজ ঘৰৰ মাজতে ডাঙৰ কাঠ খৰিৰ জুই একুৰা আৰু জুইৰ কেউ ফালে ডেকা সমূহ। - ঢোল, ডগৰ, পেঁপা, মুৰুজী লৈ সকলোটি নির্দোষ নাচ ৰাগ ৰং ধেমালি গান বাজৱালৈ সাজু । অলপৰ বাচতে আৰম্ভণ । ওৰে নিশা সেই ধেমা- লিতেই ব্যস্ত। ঠিক ঢল-পুৱঁতী নিশাতে নীতি নিয়মত চলা ঘৰৰ এজন ডেকা বা ল'ৰাই গা পা ধুই বাই থৰিব লাগনিত পাখি সমুহেৰে বিশেষভাৱে জয়ধ্বনি দি আৰু মে-জিলৈ তামোল পান পা-পইছা 'সসন্মানে আগবঢ়াই জুই জ্বলাই দিয়ে। ৰাতিপুৱা সকলোটিয়ে স্নানাদি কাৰ্য্য শেষ কৰি অগ্নিলৈ [ 22 ]