বহু আৰু তাৰ প্ৰাকৃতিক চিত্র অতীজ হিন্দু জগতৰ বিশ্বাস অনুসৰি কাৰ্য্য-কলাপ । ভাৰতত জ্ঞান আলোকৰ পোহৰ ভালকৈ পৰিছিল তেতিয়া ইউৰোপত কেনে বিধৰ জন্তুৱে বাস কৰিছিল তাক সঠিক কৈ কব নোৱাৰি। ভাৰতাদি যেতিয়া সেই জ্ঞান আলোকত ভালকৈ উজ্জ্বল ৰোম আৰু গ্ৰীচ তেতিয়া তেনেই গৰ্ভাৱস্থাত ৷ সি যি কি নহওক আমাৰ ভাৰতত আমাৰ “বিহু” আবির্ভাব হয় পৌৰাণিক যুগৰ বহুত আগতে ৷ কাৰণ খ্ৰীঃ পূঃ ১৪০০ এহেজাৰ চাৰি শৰ পৰা ১০০০ এহেজাৰৰ মাজৰ সময়েই জ্যোতিষ চর্চ্চাৰ ভাল অভ্যুদয়ৰ দিন আৰু উৎসবাদিয়ে সেই শুভক্ষণতেই জন্ম লৈ নিজ নিজ নাম ভালকৈ অধিকাৰ কৰি লয় । কিন্তু সমাজ গঠনৰ অৱস্থ৷ অনুসৰি তেতিয়াৰ বিহু উৎসৱৰ আড়ম্বৰৰ দৃশ্য এতিয়াৰ উৎসবৰে একে সাচঁত নুঠি- লেও সেই বিহু যে হিন্দুৰ সাতামপুৰুষীয়া উৎসব তাক বিশ্বাস নকৰিবৰ একো কাৰণ নাই ৷ তাৰ পৰাই ভালকৈ প্ৰমাণ হয় যে হিন্দুৰ পূৰ্ব্ব- পুৰুষ সকল জ্যোতিষ শাস্ত্ৰত অগাধ পণ্ডিত আছিল । সিবিলাকে ঈশ্বৰৰ সৃষ্টিৰ বস্তুৰ ভিতৰত সূৰ্য্যকে প্রধান বস্তু বুলি ধৰিছিল ৷ কিয়নো, সূৰ্য্য অতি শক্তিমন্ত আৰু পৃথিবীৰ সকলো বস্তুকে তাপ আৰু [ 6 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই