পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উৎসবৰ লগত ধৰ্ম্ম পাক নীতিৰ সম্বন্ধ ৷ আৰম্ভণ গতি কৰায়। উৎসব বুলিলেই তাৰ উদ্দেশ্য আছে। উদ্দেশ্যবিহীনে উৎসব হব নোৱাৰে। সত্যযুগৰ পৰা আজিলৈকে হিন্দুসমাজত যুগে যুগে যুগধৰ্ম্ম অনুসাৰে উৎসৱাদি কাৰ্য্য পুৰুষানুক্ৰমে চলি আহিছে। ত্রেতাযুগত শ্রীরামচন্দ্রই দুর্গোৎসব পতাৰ উদ্দেশ্য আছে। দ্বাপৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ অর্থ আছে। খ্রীষ্টান সমাজত পুহৰ বৰদিনৰ অৰ্থ আছে। সিবিলাকৰ মে মাহৰ প্ৰথম দিনা অতি সমাবোহেৰে পতা আমাৰ বহাগ-বিহু উৎসবৰ নিচিনা“মে-ডে” উৎসবৰ ভাল সঙ্কেত আছে। সিবিলা- কৰ “বলডা” অর্থাৎ নৃত্য কাৰ্য্যাদিৰ লীলা আছে। মুছলমান সমাজত “ইদ-বন্ধুদ” উৎবাদিৰ মানে আছে । ৰীতি আৰু নীতি অনুসাৰে প্ৰত্যেক সমাজতে উৎসবাদি চলি আহিছে। উৎসবত মতলীয়া হৈ সমাজৰ নীতিত ব্যাঘাত পৰে বুলি সমাজ-নীতিজ্ঞ সকলে প্রত্যেক উৎসৱতে ধৰ্ম্মৰ একাঙ্গ তাত মিহলি কৰি উৎসবক ধৰ্ম্ম-বান্ধনিৰ সূত্ৰেৰে মেৰ পাক দিলে। তেতিয়াৰ পৰা উৎসবসমূহত ধৰ্ম্মৰ ৰহণ পৰি উৎসব নীতিমূলক হ'ল। আজিৰ প্ৰত্যেক উৎসবেই নীতিমূলক। সেই দেখিহে নীতিমূলক [ 3 ]