পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওলগ” নামৰ সাময়িক প্রবন্ধটি এই ক্ষুদ্র পুথিৰ কোলাত তুলি লবলৈ অনুমতি দিয়াত প্ৰীতি আৰু ভক্তিৰে কৃতজ্ঞতাৰ মালা এধাৰি সুকীয়াকৈ আগ কৰিলোঁ । বিহুসম্মিলনীৰ অধিবেশনত গোৱা ৰঙালি বিহুৰ আদৰণি গীতটি সুহৃদ্বৰ চলিহাদেৱে পুথিৰ গৰ্ভত আদৰি লবলৈ অনুমতি দিয়াৰ বাবে এষাৰ মাতৰ বাহিৰে আৰু আন বস্তু দিবলৈ হাতত একো সম্বল নাই । এই পুথিখনি ছপাখানালৈ পঠোৱাৰ আগতে গুৱাহাটীপ্রবাসত সভা সমিতিৰ নানা কাৰ্য্যত উদগণি দিওঁতা, ছাত্ৰসমূহৰ চিৰলগ- ৰীয়া শ্ৰদ্ধাভাজন শ্ৰীযুত লক্ষ্মীনাথ শৰ্ম্মা, বিদ্যাবত্ন, এম, এ, বৰ্ত্তমান শিৱসাগৰ গভর্ণমেন্ট হাইস্কুলৰ হেড নাষ্টৰ ডাঙ্গৰীয়াই নানা কাম কাটি কৰি পুথিখনিৰ সাবোভাগত হাত আৰু চকু ফুৰাই দিয়াত লিখক তেখেতৰ ওচৰত চিৰণী হৈ থাকিল ৷ ওপৰঞ্চিত কবলগীয়া এই যে কলিকতাৰ ছপাখানাত এই পুথি ছপা কৰোঁতে আৰ্হি পাঠ কৰি সহায়কৰোঁতা প্রিয়বৰ শ্ৰীযুত কৃষ্ণকান্ত সন্দিকৈ, বি-এ এক এখনি শলাগৰ শৰাই সুকীয়াকৈ দিলোঁ ৷ এই খিনিতে উল্লেখ কৰিব লগীয়া লগৰীয়া শ্ৰীযুত ক্ষেত্ৰধৰ বব গোহাঁই, বি, এ,ই যথাসময়ত এটি সাৰুৱা সঙ্কেত দি সহায় কৰাৰ বাবে তেখেতৰ পৰা উপযুক্ত সহানুভূতি পালে। বুলি মুকলি সুৰেৰে স্বীকাৰ কৰিলোঁ। আত্ম-কথাৰ ভাপ বেচি কৰিবলৈ বাধ্য হোৱাৰ বাবে পাঠকপাঠিকা সকললৈ ত্রুটি মাৰ্জনাৰ কাৰণে শেষত এখনি সুকীয়া শৰাই আগ বঢ়ালোঁ ৷ ছাত্রমন্দিৰ, নাজিৰা । নিবেদক । আহাৰ, ১৮৪০ শঁক ।