পৃষ্ঠা:বিহুগীত.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০০ ◇

(২৩)

 কি মাছ মাৰিব পুঠিনা ৰৈ
আহ যাওঁ লগৰী ওমলো গৈ।

(২৪)

 হুৰাই ল’ পূৰ্ণিমাৰে জোন
হেঁপেটি মাৰোপতি চাপৰি বাওঁপতি
সেইটিবা সেইটিবা নাচনী কোন।

(২৫)

গিৰিপ গিৰিপ ঐ কলীমতী কাঠৰ শৰাই
 কি ফুল পিন্ধিলি খোপা ভৰাই
জাঁই পিন্ধো যূতি পিন্ধো পিন্ধো দুৱামৰি
পেঁপাটো বজাই দে নাচো ঘূৰি ঘূৰি।

(২৬)

হুৰাই ল’ পুৰৈ শাকৰ ভাজি
হুঁচৰি গাবলৈ আহিছো আজি
খৰধৰ কৰা বাই কাছুটি সৰিল
চিৰাদিয়া পিঠাদিয়া নাচনী মৰিল।

(২৭)

 হুৰাই ল’ চৰু নিলে চুৰে
ভিতৰতে কিনো কৰা তিনি সতিনীয়ে
এজনীয়ে লাৰে চাৰে এজনীয়ে বাছে
এজনীয়ে ভিতৰতে ঘূৰি ঘূৰি নাচে।

(২৮)

 হুৰাই ল’ যঁতৰৰ শলা
নাজিৰা হাতলৈ নেযাওঁ ল'
নিপিন্ধো ফুলৰে মালা।

(২৯)

হুৰাই ল' স্বৰগৰ তৰা
খাৰীনাকী ছোৱালী পেটুৱা দৰা
দৰাই বোলে জেতুকী ভাতখাৱ এনাও
খালৈ যেন পেটতোৰ পানী খাৱ দুনাও।

—০০—