পৃষ্ঠা:বিহুগীত.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯৯ ◇

(১২)

 তেতেলি তলতে কৰো তাঁতবাটি
পাহৰি আহিলো কুচি ঐ গোবিন্দাই ৰাম।

(১৩)

হাতত কাৰেফাইল’ হেৰ দদাই
মাৰৈ মাৰৈ বালি চৰাই।

(১৪)

 হুঁচৰি বাই ঐ দলৌ চৰাই
তামোল থোকি পান গুচি ৰূপৰ শৰাই।

(১৫)

কানাই গল ফুলে পাৰিবলৈ
হাততে হাঁকুটি লৈ গ'ল।

(১৬)

হুৰে হুৰে বাই ডোলত কাপোৰ ঘূৰে
উমনিৰ কুকুৰাই কেঁউ কেঁউ কৰে।

(১৭)

 কেৰেলা ঐ বেঙেনা ঐ
তোৰে বহে বতৰ যায়েনা ৰৈ।

(১৮)

পালেহি বলীয়া চ’তে না ৰৈ
আহ যাওঁ লগৰী ওমলো গৈ।

(১৯)

 ধনশিৰি বগৰী সোৱণশিৰি নৈ
কোবাই দে বগৰী জাঁত জাঁত কৈ।

(2০)

ৰৈ বৈ যাই পিন্ধোতা নাই
চম্পা নাহৰৰে কলিনা ৰৈ।

(২১)

 মোৰ ধন বেথাবৰ ঐ
বিহুৰে বাতৰি কোৱানা ৰৈ।

(২২)

 ৰঙিলী ঐ পমিলী ঐ
আহ যাওঁ লগৰী ওমলো গৈ।