পৃষ্ঠা:বিহুগীত.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯৭ ◇

(১৪)

হাততো জেতুকা ভৰিতো জেতুকা
 মুখত মিচিকীয়া হাঁহি।
নাচোতে নাচোতে ৰঙাগড়া নাচনী
 আশীচেলেং পৰিলে খহি॥

(১৫)

সুতুলি সুতুলি মাটিৰে সুতুলি
 সুতুলি কিহেৰে বাওঁ।
ককালৰ খোচনিত সুতুলি আনিছো
 আঙুলি বোলায়ে বাওঁ॥

(১৬)

ইয়ে বোলে পদুমী সিয়ে বোলে পদুমী
 পদুমী কলৈনো যাই।
হাততো জেতুকা ভৰিতো জেতুকা
 ফাটবিহু চাবলৈ যাই॥

(১৭)

কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
 কেনেকৈ ধৰিলে তোক।
ইফালে যোৰহাট সিফালে গোলাঘাট
 চিঠিলিখি ধৰিলে মোক॥

(১৮)

জালভাৰী বৰুৱা কিমান ডাঙৰীয়া
 বেলাত চাৰিসাজি খাই।
গোমচেং চোলাটো পিঠিতে পেলাই লৈ
 ঘোঁৰা খেলিবলৈ যাই॥

(১৯)

কাহানি আহিলা হাবুঙীয়া ডেকাটি
 জেপত লৈ পমিলাৰ গুটি।
কেতিয়া আহিলা বগী বিলৰ গুৱালটি
 মেনা ম'হৰ পিঠিতে উঠি॥

——○○—