পৃষ্ঠা:বিহুগীত.pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯৬ ◇

(৭)

পানত পদুমৰ চকা ঐ নাচনী
 চূণত পদুমৰ চকা।
লংগুটি নানিলা দালচেনি নানিলা
 তুমি কোন দেশৰে ডেকা॥

(৮)

ইফালে ঢোলৰ মাত সিফালে ঢোলৰ মাত
 মাজত সেলেংগুৰি নৈ।
আশী চেলেং থৈলৈ নাচিবলৈ ধৰিলি
 থাকিব নোৱাৰো ৰৈ॥

(৯)

নাহৰৰ তলতে টকাৰ মাত শুনিলো
 ওলাই পদূলিলৈ চাওঁ।
হাততো জেতুকা ভৰিতো জেতুকা
 ফাট বিহু চাবলৈ যাওঁ॥

(১০)

ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
 সোণৰ ধোঁৱাত খালি।
কিনো ৰজাঘৰৰ শতুৰু শালিলি
 ডিঙেত চিপেজৰি ললি।

(১১)

লংগুটি আনিবা খামে ঐ নাচনী
 দালচেনি আনিবা খাম।
ম'হ শিঙৰ পেপাটি বনকিয়াই আনিবা
 ফাটবিহু চাবলৈ যাম॥

(১২)

ঢোলৰ ধম্ ধম্‌নি পেঁপাৰে কিৰিলি
 নোশুনি পৰজাৰ মাত।
নাচনী নাচিছে গামখাৰু বাজিছে
 পৃথবি মেলিছে ফাট॥

(১৩)

টেকেলি পৰিলে নাদত কি নাদৈ ঐ
 টেকেলি পৰিলে নাদত।
জাপমাৰি সাৰিলে ফৌজদাৰী চিপাহী
 মণিৰাম পৰিলে ফাদত॥