পৃষ্ঠা:বিহুগীত.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯৪ ◇

(৩২)

চেনি পাৰেহ’লে
কেনি সমনীয়া
চেনি পাৰেহ'লে





চেনি পাৰেহ’লে
দিচাং পাৰেঘাটে
আমি পাৰেহমে

   

জিপ জিপ ঐ খলিহা নাচনী
জিপ জিপ ঐ খলিহা নাচনী
কেনি অঐ
জিপ জিপ ঐ খলিহা নাচনী
জিপ জিপ ঐ আহা নাচি নাচি
জিপ জিপ ঐ ককাল ভাঙি ভাঙি
গিৰিপ গিৰিপ কৰি
নাচি থাক নাচনী আইজনী
আনলৈ নকৰা ভয়।
ঐ হেই;
আনলৈ নকৰা ভয়॥
জিপ জিপ ঐ খলিহা নাচনী
জিপ জিপ ঐ খলিহা নাচনী
কেনি অঐ
জিপ জিপ ঐ খলিহা নাচনী
জিপ জিপ ঐ আহা নাচি নাচি
জিপ জিপ ঐ ককাল ভাঙি ভাঙি
গিৰিপ গিৰিপ কৰি
নাচি থাক নাচনী আইজনী
আনলৈ নকৰা ভয়॥
ঐ হেই;
আনলৈ নকৰা ভয়॥

(৩৩)

তিতিকি তিতাফুল
যোৰহাটৰ গোলাপফুল
চেনিমৰা বাগিচাৰ চিঠি আমাৰ যোৱান
 চলাই দে মেচিন গান
 সীমান্তিত শতুৰৰ
 মাতে আমাৰ যোৱান
 চলাই দে মেচিন গান
 শদীয়া ৰণলৈ
 শদীয়া ৰণলৈ যাওঁ॥

— ○ ○ —