পৃষ্ঠা:বিহুগীত.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯২ ◇

(২১)

ৰাতি চাকি জলাই কি মণি গাঁথিলা
 চকু তিৰেবিৰে কৰে।
ধনৰ চেওমণি বটীয়া পুৰণি
 ওলমি বুকুতে পৰে॥

(22)

শিলে বালিচৰাই গিলে ঐ নাচনী
 শিলে বালি চৰাই গিলে।
আমাৰে বিহুলৈ নাচনী নাহিলে
 কোনেনো পলুৱাই নিলে॥

(২৩)

নৈ গোমগোমাই কোম্পানী জাহাজে
 ঢৌৱে গোমগোমাই গৰা।
গা জিন্‌জিনাই বুকু পিৰপিৰাই
 গাভৰু হবৰে পৰা॥

(২৪)

কেতিয়া আহিলা কতেপাই বহিলা
 বাটত খাই আহিলা কচু।
চুৰীয়া চতাইটো হাবুঙীয়া ডেকাটো
 পেপাটো বজাই দে নাচো॥

(২৫)

হাততে হালধি নলবি মালতী
 চুলিমেলি নলবি তেল।
নৈৰে ঘাটলৈ অকলে নেযাবি
 বাটত ডেকালৰা মেল॥

(২৬)

ত’তে দেখিলো ইঙিতত বুজিলো
 চেনায়ে গগণা বাই।
কিনো অমাতৰ মাতে ঐ চেনেহী
 হেদামে সৰকি যাই॥

(২৭)

বিহুতলি শুৱনী কোনে ঔ নাচনী
 ৰূপতকৈ জেউতী চৰে।
গুণাদিয়া ৰিহাখন গুণা দিয়া মেখেলা
 চকু তিৰেবিৰে কৰে॥