পৃষ্ঠা:বিহুগীত.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯১ ◇

(১৪)

গুণাদিয়া ৰিহাখন গুণাদিয়া মেখেলা
 চকু তিৰেবিৰে কৰে।
নাচনী ফাললৈ উলটি চাওঁতে
 চকুৱে চকুৱে পৰে॥

(১৫)

ধনে সাজিদিয়া লাহৰী গগণা
 নাহৰৰ তলতে বাওঁ।
ধনো নাহিলে বাতৰি নিদিলে
 ওলাই পদুলিলৈ চাওঁ॥

(১৬)

পানদিয়া পদুমী চুণদিয়া চেনেহী
 তামোল কাটি দিয়া খাওঁ।
কাক বাঁহৰ টকাটি সাজিদিয়া ককাইটি
 বিহু মাৰিবলৈ যাওঁ॥

(১৭)

মহৰ শিঙৰ পেঁপাটি নবজাবি ককাইটি
 মনে মোৰ কেনেবা কৰে।
পেঁপাৰ মাতশুনি ৰবকৈ নোৱাৰো
 হাতৰ বন সুলকি পৰে॥

(১৮)

অতি চেনেহৰ মৃগাৰে মহুৰা
 অতি চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ৰঙালী বিহুটি
 নেপাতি কেনেকৈ থাকো॥

(১৯)

ৰৈ ৰৈ ধেমালী কৰ বনমালী
 গৈ গৈ ধেমালী কৰ।
গাৰে কাপোৰখনি চিৰিলি চিৰিলি
 বান্ধৈ তই ধেমালী নেৰ॥

(২০)

আজি বিহুবিহু কালি বিহুবিহু
 বিহুলৈ কেইদিন বাকী।
ধনো নাহিলে বাতৰি নিদিলে
 আমনি লাগিছে থাকি॥