পৃষ্ঠা:বিহুগীত.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০ ◇


(১৮)

ভিৰত ভিৰখালে হেঁচাত দোঁ খালে
 কদমৰ চনকা ডাল।
চালে জঁইপৰে চুলে ৰঙাপৰে
 ধনৰ সেন্দুৰীয়া গাল।

(১৯)

নামডাং সাকোখন  কোনে বনাইদিলে
 ঘনশ্যাম খনিকৰ নাই।
চেনাই যৌৱনযোৰি কোনে বনাইদিলে
 আমনি নেলাগে চাই॥

(২০)

নৈ গুমগুমাই কোম্পানী জাহাজে
 ঢেকী গুমগুমাই থোৰা।
গা জিনজিননি বুকু পিৰপিৰণি
 গাভৰু হ’বৰে পৰা॥

(২১)

নাহৰ ফুল নিপিন্ধ তয়ে ঐ চেনেহী
 তগৰ ফুল নিপিন্ধ তই।
ৰঙা ৰিহাখনি তাকো তই নিপিন্ধ
 আছিলি মেমনি হৈ॥

(২২)

এনে চ'ত মহীয়া ৰদে খাঁও খাঁও
 হালোৱাই বিচাৰে মৈ
তুমি কাক বিচাৰি ঢপলিয়াই আহিলা
 হাতত কটা তামোল লৈ॥

(২৩)

উজাই নামচাং ভটিয়াই বাপুচাং
 মাজত দিচাঙৰে সাঁকু।
সজালো পৰালো সোণৰ খাট পালেং
 ৰাতি উজাগৰে থাকো॥