পৃষ্ঠা:বিহুগীত.pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাট গাভৰুৰ
দিন বিহুগীত

(১)

আজিকি উৰুকা  কালিকি গৰুগা
  নাহৰ ফুল ফুলিবৰ বতৰ।
নাহৰ ফুলৰ গন্ধপাই  নাচনীৰ তত্‌ নাই
  গছকি ভাঙিলে যঁতৰ॥

(২)

আজি বিহু বিহু  কালি বিহু বিহু
  বিহুলৈ কেইদিন বাকী।
নাচনী অহা নাই  ঢোলৰ মাত শুনা নাই
  আমনি লাগিছে থাকি॥

(৩)

ওলাই জাকিমাৰি  মোৱামাছ এজাকি
  উলাই জাকিমাৰি তৰা।
ওলাই জাকিমাৰি  আমাৰে নাচনী
  কোন সৰগৰে পৰা॥

(৪)

নাচোতে ভাগিব  ককাল ঐ নাচনী
  নাচোতে ভাগিব ককাল।
লোহাৰো এডোখৰ  তিখাৰু এডোখৰ
  ককাল জুৰাবলৈ ভাল॥

(৫)

উঘাকৈ চেৰেকী  ঘূৰে ঐ বসন্তি
  উঘাকৈ চেৰেকী ঘূৰে।
নাচনী নাচিছে  গামখাৰু বাজিছে
  মনে উৰু উৰু কৰে॥

(৬)

জিলিকি আহিছে  চৰা নাওখনি
  জিলিকি আহিছে চৈ।
চৈৰে ওপৰত নাচনী আহিছে
  যোৰীয়া সেন্দুফোঁট লৈ॥