পৃষ্ঠা:বিহুগীত.pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৭ ◇

(৩৫)

চৰকাৰৰ ঘৰৰে   টকা ঐ নাচনী
 চৰকাৰৰ ঘৰৰে টকা।
চৰকাৰৰ ছটকা অনা ধাৰেকৰি
 নাচনীৰ ফাটিলে চোলা॥

(৩৬)

জোন বৰণীয়া নাচনী চেহেৰা
 তৰা বৰণীয়া চকু৷
হেঙু বৰণীয়া নাচনী চোলাটো
 জেঙু বৰণীয়া বুকু॥

(৩৭)

ইদালি ইকৰা কোনে কাটি নিলে
 সিদালি মুকলি হ’ল৷
আমাৰে নাচনী কোনে ধৰি নিলে
 বিহুতলি মুকলি হ’ল॥

(৩৮)

চৰাই মনোমতী মনকে মোহিলি
 কোটাহী বেঙেনাৰ তলত৷
নাচনী নাচিলি আমাৰ মন মোহিলি
 থকিব নোৱাৰো ঘৰত॥

(৩৯)

কোটচোলা কুৰুটা গুদাম আছে চাৰিটা
 চাৰিকো চাৰিয়ে চৰে৷
নাচনী চকুলৈ চাবকে নোৱাৰি
 জালুক জলকীয়াই পুৰে॥

(৪০)

ইয়ে বোলে এইজনী
 কাৰ ঘৰৰ ছোৱালী
সিয়ে বোলে এইজনী
 কাৰ ঘৰৰ ছোৱালী
চাউল কঠা ভাত খাই
 কটালি কটালি
নেখাবনো কেলৈ
 গাভৰু ছোৱালী
 হাততে খাৰু দেখিবলৈ বাৰু