পৃষ্ঠা:বিহুগীত.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৬ ◇

(২৮)

চিতিকি চিবনে বনে ঐ নাচনী
 চিতিকি চিবনে বন।
চিতিকি চিবনে নাচনী মৰমে
 নচুৱাই থাকিব মন॥

(২৯)

অঔ কোমলীয়া খাবকে নোৱাৰি
 দাঁতে কোমলীয়া ভাগে।
যৌৱন কোমলীয়া বিলাব নোৱাৰোঁ
 বিয়া পাতি দিব লাগে॥

(৩০)

চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো
 চিৰি লুইতলৈ চাই।
চিৰি লুইততে সুহুৰি মাৰিলে
 চেনাই নাওমেলি যাই॥

(৩১)

শালিকী চৰায়ে কিৰিলি মাৰিলে
 গছৰ গুটি খাবলৈ পাই।
গাঁৱৰ ডেকালৰাই কিৰিলি মাৰিলে
 গাভৰু মুখলৈ চাই॥

(৩২)

বিহুতী চৰায়ে কৰে বিহু বিহু
 আমাৰ বিহুত কাপোৰ নাই।
লগৰ সমনীয়াই সুধে বেঢ়ি বেঢ়ি
 সৰুতে মৰিলে আই॥

(৩৩)

হাবিলৈ গৈছিলো কটাৰী নিনিলো
 লতাই বেঢ়ি বেঢ়ি ধৰে।
বিহুলৈ গৈছিলো গামোচা নিনিলো
 ডেকাই বেঢ়ি বেঢ়ি ধৰে॥

(৩৪)

এইবেলি বিহুখন উৰুঙা পুৰুঙা
 ওপৰলৈ টানিলে খৰ৷
নামৰ জুনা শুনি ৰচকী নাচনী
 ঘৰলৈ মাৰিলে লৰ॥