পৃষ্ঠা:বিহুগীত.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৫ ◇

(২১)

নাচনী চিকুণে এখনি দাপোণে
 ককালটি বীণাৰে গোট।
এনে বগীতৰা সোণে গিলিপ মৰা
 দাপোণচাই মাৰিলি ফোঁট।

(২২)

ন-পানী বাঢ়িলে ন-জোনটি ওলালে
 সলাই বৰেগছে পাত।
আমাৰ নাচনীয়ে বৰণটি সলালে
 ললে ৰঙাৰিহা গাত॥

(২৩)

লবৰ মনে গলে ফুলৰে হাঁচতি
 হাতৰো নহলো কাজী।
বায়ে নজনাকৈ ব-চুঙা দিছিলো
 গগণা নিদিলি সাজি॥

(২৪)

আগলি বাঁহৰে পবালি গগণা
 বহি তাঁতপাতত বাঁও।
আহেকি নাহে ঐ আমাৰে নাচনী
 চিৰিপাতি মঙলখন চাওঁ॥

(২৫)

বছৰি বছৰি আমে মলিয়ালে
 বছৰি বছৰি খাওঁ।
এইবেলি আমেখন কোনে খাইযাব
 আমি শদীয়ালৈ যাওঁ॥

(২৬)

একশলৈ নকৰো  ভয়ে ঐ নাচনী
 দুইশলৈ নকৰো ভয়।
ছকঠীয়া দোণেৰে জুখি থৈ আহিছো
 চালিচলৈ নকৰো ভয়॥

(২৭)

আইৰে নিচিনা মেখেলা পিন্ধিলো
 বাইৰে নিচিনা খোপা।
একেখন বিহুতে  নাচিথৈ আহিছো
 তোমাৰে নিচিনা ডেকা॥