পৃষ্ঠা:বিহুগীত.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৪ ◇

(১৪)

চৰায়ে নামটি কটাৰী ডবুৱা
 মাছৰে নামটি মালী।
নাচনী নামটি ধিতাই কোমলীয়া
 নাচোতে পৰিলে হালি

(১৫)

মাৰো নাচনী বাপেৰো নাচনী
 তোকো নাচনীলৈ দিলে।
গিৰিপ্ গিৰিপ্‌ কৰি নেনাচ নাচনী
 মৰিবি গেজেলা কিলে

(১৬)

কেতিয়া আহিলা ৰূপহী নাচনী
 কৰ্কৰা নাহিলা খাই।
কৰপৰা আহিলা হাবুঙীয়া ডেকাটি
 জেপত লংগুটি নাই॥

(১৭)

আইটী আইটী পয়চা দিম চাৰিটি
 ৰিহাত পদুমৰ চকা।
গিৰিপ গিৰিপ কৰি নাচি নাচি নাচনী
 বিহু তলি কৰিদে বোকা॥

(১৮)

নাচনী ৰহিতা কাট সৰুসূতা
 ধনলৈ ৰূপীয়া চোলা।
ৰূপীয়া চোলাতে হালধী লাগিলে
 ধোবালৈ বাতৰি দিয়া॥

(১৯)

ধোবাই বুলিলে ধুমে কেনেকৰি
 আটাইবোৰ হালধি চেকা।
নাচনীয়ে বুলিলে পিন্ধিম কেনেকৰি
 আটাই মণিচালৰ চেকা॥

(২০)

গগণা শুৱনী গগণা পুৰণি
 গগণা বিন্ধিব ঘুণে।
দিখৌ পাৰেকৰি দিব বিয়াকৰি
 গগণা বজাব কোনে॥