পৃষ্ঠা:বিহুগীত.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৩ ◇

(৭)

নচুৱাই থাকিব মনে ঐ নাচনী
 নচুৱাই থাকিব মন।
নচুৱাই থাকোতে পলুৱাই নিনিবা
 ভৰিব লাগিব ধন॥

(৮)

কোনে নাম দিলে লুকু ঐ নাচনী
 কোনে নামদিলে লুকু।
কোনে দিলে নাচনী বিহু জাকিত চোলা
 নাচোতে নলৰে বুকু॥

(৯)

ত'তে দেখিলো ইয়াতে চিনিলো
 সেইযোৰি নাচনী কোন।
এজনী ৰঙিলী এজনী পমিলী
 যেনে পুৰ্ণিমাৰে জোন॥

(১০)

বিহুকৰি থাকিব মনে ঐ নাচনী
 বিহুকৰি থাকিব মন।
বিহু কৰি থাকোতে পলুৱাই নিনিবা
 ভৰিব লাগিব ধন॥

(১১)

আলিয়ে নেযাবি বালিয়ে কাটিব
 পথাৰে নেযাবি বোকা।
চৰাই হালধীয়া দূৰৈকৈ নেযাবি
 ৰাৱণে হৰিব সীতা॥

(১২)

কোঁটকোৰা গছৰে ফণিখন সাজিলো
 ফণীদৈ মূৰলৈ চাই।
সপোণ সমাজিক বেয়াকৈ দেখিছো
 ফণিখন হেৰাব পাই॥

(১৩)

ন-পানী বঢ়নাই বঢ়ানাই নাহৰ ফুল ফুলা নাই
 শুনা নাই কেতেকীৰ মাত।
গাঁৱৰ ডেকালৰাই জোমে জোমে ফুৰা নাই
 বিহু বিহু লগা নাই গাত॥