পৃষ্ঠা:বিহুগীত.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাভৰুৰ গছতলৰ
দিন বিহুগীত

(১)

আজিচোন নাচনী চিনিব নোৱাৰো
 খোপাতে নাহৰৰ ফুল।
ক’ত পালা নাচনী ৰঙাৰিহা খনি
 কোনেদিলে জেতুকাৰ বোল॥

(২)

অতি চেনেহৰে মুগাৰে মহুৰা
 অতি চেনেহৰে মাকো।
অতি চেনেহৰে ৰঙালী বিহুটি
 নেপাতি কেনেকৈ থাকো॥

(৩)

পথাৰৰ মাজতে আঁহতৰ তলতে
 শুনিলো টকাৰে মাত।
টোপোলাৰ সেন্দূৰে থাকিল টোপোলাতে
 খাবলৈ নহলে ভাত॥

(8)

ব-চৰাই উৰিলে ডম্বৰু বাজিলে
 চেহাবৰ মনতো ৰং।
গাঁৱৰ গাভৰুৱে বিহুতলি ভৰিলে
 ডেকালৰা মনতো ৰং॥

(৫)

ঢাপে ঢাপে চৰিলে ঢপিলিকা চৰাইটি
 বাঘলৈ নকৰে ভয়।
ৰঙতে ৰচকী আমাৰে নাচনী
 চেহাবলৈ নকৰে ভয়॥

(৬)

কলগছ শুৱনী কলাডিল ৰূপহী
 এবেলা আছিলো চাই।
বিহুতলি পৰা উলটি আহিলো
 গাঁৱৰ ডেকালৰা নাই॥