পৃষ্ঠা:বিহুগীত.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮১ ◇


(২১)

নাচনী নাচনী সৰু আইটী নাচনী
 খোপাতে মালতী ফুল।
খাই চিকা চন্দা পিন্ধে ধোবাই ধোৱা
 হাততে জেতুকা বোল॥

(২২)

চিতিকি চিবনে বনে ঐ নাচনী
 চিতিকি চিবনে বন।
গগণা বাজিছে গামখাৰু বাজিছে
 নাচি নাচি থাকিব মন॥

(২৩)

নাচিব জানিও নেনাচ নাচনী
 তোক জানো কিহবাই পাই।
জীৱটি যাবগৈ যমৰজা থানলৈ
 শ-টি শগুণে খাই॥

(২৪)

চৰাইটি চিকুণে চৰাই মনোমতী
 জিৰাই বৰগছ ডালত৷
নাচনী চিকুণে এখনি দাপোণে
 শুৱাই বিহুতলী মাজত৷

(২৫)

ৰাতি চাকি জলাই কি মণি গাঁথিলা
 আটাইবোৰ সোণৰে পোৱাল৷
হাতত হাত ধৰি নাচিবলৈ নেপালো
 ৰাতিটো বেগতে পুৱাল॥

(২৭)

আমগুৰি অমৰা কঠালগুৰি দমৰা
 ভাটিচুকৰ চেঁউৰী গাই।
মনাই মেধি চুকৰে নাচনী আহিছে
 গাত ৰঙাৰিহা নাই॥

(২৮)

সিয়ে বোলে পদুমী সিয়ে বোলে পদুমী
 পদুমী কলৈনো যাই।
লেম্ বাতি লগাই লৈ ৰংমনক আগত লৈ
 ৰাতিবিহু চাবলৈ যাই॥

⸺০০⸺