পৃষ্ঠা:বিহুগীত.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯ ◇

(১২)

ইফালে ফুলনি সিফালে ফুলনি
 চিঙুকোন পাহি ফুল।
ইফালে চেনাই মাত সিফালে চেনাই মাত
 চিঙি যাই ধৰমৰ ডোল॥

(১৩)

মাৰে নাম দিলে ইলাচী বিলাচী
 বাপেৰ নাম দিলে তৰা।
তোকে আনিবলৈ বৰমন আছিলে
 নহলি ওচৰৰ গঞা॥

(১৪)

উলটি উভটি কৰ তাঁত বাতি
 হাতত ৰঙা আঁচু লৈ।
ইমান কাজীহৈ কিনো ভাল কৰিলি
 নিদিলি হাঁচতি বৈ॥

(১৫)

চাঁও তিনিবেলি খৰিকা মঙলখন
 মাতো তিনিবেলি গণক।
চাঁও তিনিবেলি  পদুলি মূৰলৈ
 এবাৰো নেদেখো ধনক॥

(১৬)

চৰায়ে চৰায়ে চেনেহা চেনেহী
 আকুলি বিকুলি কৰি।
তুমিয়ে আমিয়ে চেনেহা চেনেহী
 বুকুতে সাৱটি ধৰি॥

(১৭)

চৰাইটি চিকুণে চৰাই মনোমতী
 মাছৰে চিকুণে মোৱা।
চেনাইটি চিকুণে কেতেকী বৰণে
 নেদেখো গধূলি পুৱা॥