পৃষ্ঠা:বিহুগীত.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮০ ◇

(১৪)

আজিকি উৰুকা কালিকি গৰুগা
 সলাই বৰগছে পাত।
গাঁৱৰ গাভৰুৱে বৰণটি সলালে
 ললে ৰঙাৰিহা গাত॥

(১৫)

বিহুতলি শুৱনী কোনে সমনীয়া
 বিহুতলি শুৱনী কোন।
বিহুতলি শুৱনী ৰঙিলী পমিলী
 যেনে পূৰ্ণিমাৰে জোন॥

(১৬)

চ'তৰে শুৱনী মদাৰ ফুল এপাহি
 বতৰৰ শুৱনী বন।
বিহুতলি শুৱনী সৰু আইটী নাচনী
 পলুৱাই নিবৰে মন॥

(১৭)

চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো
 চিৰি লুইতলৈ চাই।
চিৰি লুইততে সুহুৰি মাৰিলে
 চেনাই নাও মেলি যাই॥

(১৮)

উলি তামোলৰে পুলি ঐ মালীবাই
 উলি তামোলৰ পুলি।
ফুটুকা ফুটুকি নাচনী চোলাটি
 মেঘে বৰণীয়া চুলি॥

(১৯)

ইয়ে বোলে শিপিনী সিয়ে বোলে শিপিনী
 কেলৈ নাম ললি কাজী।
আজিকি উৰুকা কালিকি গৰুগা
 কেতিয়া কাটিবি পাঁজি॥

(২০)

জোন বৰণীয়া নাচনী চেহেৰা
 তঁৰা বৰণীয়া চকু।
মাছে বাকলিয়া নাচনী চোলাটো
 নাচোতে নলৰে বুকু॥