পৃষ্ঠা:বিহুগীত.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৯ ◇

(৭)

ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
 শুনা নাই কেতেকীৰ মাত।
গাঁৱৰ ডেকা লৰা জোমেজোমে ফুৰা নাই
 গোন্ধতেল ঘঁহা নাই গাত॥

(৮)

ভঁৰালৰ তলতে দীঘল জলকীয়া
 তললৈ মেলিলে শিয়া।
চাইথাক চাইথাক গাঁৱৰ ডেকালৰা
 বহাগত পাতি যাম বিয়া॥

(৯)

উজাই আহিলে চেহাবৰ লৰাটি
 চেৰাপ খাই পেলালে চিচা।
গগণা বাজিছে গামখাৰু বাজিছে
 হাত মেলিমেলি নচা॥

(১০)

নৈৰে পাৰৰে নাৰায়ণ শিমলু
 আমি বিহুকৰা ঠাই।
উটুৱাই নিনিবা নাৰায়ণ দেৱতা
 তামোল দি মাতোতা নাই॥

(১১)

সাজেনে কাচোনে নাচনী চিকুণে
 ককালটি বীণাৰে গোট।
এনে বগীতৰা সোণে গিলিপমৰা
 দাপোণ চাই মাৰিলি ফোঁট॥

(১২)

সৰুতে পিতাদেউ জকাই সাজিদিলা
 নালতো বিন্ধিলে ঘূণে।
দিখৌ পাৰে কৰি দিবা বিয়াকৰি
 ৰাতি বিহুত নাচিব কোনে॥

(১৩)

চৰাইটি কান্দিলে বনত অ’ নাচনী
 চৰাইটি কান্দিলে বনত।
গগণা বাজিলে গামখাৰু বাজিলে
 বিহুলৈ পৰিলে মনত॥