পৃষ্ঠা:বিহুগীত.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাতিবিহু গীত

(১)

আজি বিহু বিহু কালি বিহু বিহু
 নাহৰ ফুল ফুলিব বতৰ।
কেতেকী চৰায়ে কাটে সৰুসূতা
 মৰুৱা কাঠৰে যঁতৰ॥

(২)

ইনৈয়ে উজালে মাছেকি মগৰে
 সিনৈয়ে উজালে শিহু
ইফালে ঢোলমাত সিফালে ঢোলমাত
 পাতিম কোন ৰাজতে বিহু॥

(৩)

বালিয়ে বালিয়ে উজাই গৈ আছিলো
 বালিৰে লুহিয়া খাই।
বালিৰে পৰা উলটি আহিলো
 ৰাতি বিহু বাতৰি পাই॥

(8)

আগলি বাঁহৰে পবালি গগণা
 বহি তাঁত পাতত বাঁও।
মহৰ শিঙৰ পেপাটি বনকীয়াই আনাগৈ
 ৰাতি বিহু চাবলৈ যাওঁ॥

(৫)

নাচনী ৰহিতা কাট সৰু সুতা
 বিকুলৰ নলি যেন মাত।
ৰদপাই জিলিকে ৰঙাগাল দুখনি
 হাঁহোতে জিলিকে দাঁত॥

(৬)

এপৰ দুপৰ কৰি কুলিয়ে মাতিলে
 ৰাতি কোন পৰৰে মাত।
নাচনী নাচিছে পৃথবি লৰিছে
 মাটিত চাৰি আঙুল ফাট॥