পৃষ্ঠা:বিহুগীত.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৭ ◇

 তামোল বুলি চালি দিলি
 আয়ৈ দেহি হায়ৈ লিলি
 তোৰে কথা খেলি মেলি
 চেনাইটি ঐ নচুৱাই থাকিম বন॥
ওলাওঁতে এচুমা হায়ৈ লিলি
সোমাওঁতে এচুমা হায়ৈ লিলি
ৰাতি হ’লে বিচনাত লমে লিলি কিনো দিলি
 মৰম দিলি চেনেহ দিলি
 চিৰা বুলি চাউল দিলি
 চেনি বুলি নিমখ দিলি
 গাখীৰ বুলি পানী দিলি
 তামোল বুলি চালি দিলি
 আয়ৈ দেহি হায়ৈ লিলি
 তোৰে কথা খেলি মেলি
 চেনাইটি ঐ নচুৱাই থাকিবৰ
 নচুৱাই থাকিবৰ মন॥

(২০)

লালৈ আমাৰে নাচনী
লালৈ সৰুটি সৰুটি
লালৈ নাচোতে পৃথবি লৰে;
লালৈ নাচোতে নাচোতে
লালৈ সৰুটি নাচনী
লালৈ ককাল হালিজালি পৰে॥

(২১)

কলৈ যাম কি কৰিম ল’হ’না কল’হনা
ক’তে সোমাই মৰিম ল’হ’না কল’হনা
কিনোখাই পাহৰিম লহ’না কল’হনা
 ক’লিহি দৈ
 ক’লেহেনো তোক॥

⸻০০⸻