পৃষ্ঠা:বিহুগীত.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৬ ◇

(১৮)

কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
 কেনেকৈ ধৰিলে তোক
ইফালে যোৰহাট সিফালে গোলাঘাট
 চিঠি লিখি ধৰিলে মোকে ঐ
 ৰহেমতী ৰহেদৈ
 নগাটেঙা কৰেদৈ
 নাচনী নাচনী নাচনী ঐ
 তত্‌ নাই তোমাৰে গাত
 অহ্ নামদাং লটক ঐ
 মণিৰাম দটক ঐ
 ধৰি নিলে কটকীৰ ঘাঁই
 হাতীৰে মাউতক
 পলুৱাই লইনো গল
 গুৱাহাটী চহৰত পাই
অঐ চূণগুড়ি পাণগুড়ি
 জমি জমি জমি ঐ
 লাউখৰা দুপৰি দাঁত
 কোনে হৰি নিলে
 জীয়াৰী জীয়াৰী জীয়াৰী ঐ
 নোশুনো মইনাৰ মাত
 মই মাৰো জাত, কমলাৰ গাত
 হুৰাই ৰাঙলী বাই
 নাচনী নাচনী নাচনী ঐ
 ৰিহা নাই তোমাৰে গাত॥

(১৯)

তোমাৰে ছবিটি হায়ৈ লিলি
কাগজত আঁকি লৈ হায়ৈ লিলি
দুৱাৰত ওলোমাই থমে লিলি কিনো দিলি
 মৰম দিলি চেনেহ দিলি
 চিৰা বুলি চাউল দিলি
 চেনি বুলি নিমখ দিলি
 গাখীৰ বুলি পানী দিলি