পৃষ্ঠা:বিহুগীত.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৫ ◇


ডিবুৰু শুৱনী পানী আইটী নইফুল
 খোপাত মাৰ গেজেংফুল
 হাততে ঐ জেতুকাৰ বোল৷
চেনেহী শুৱনী নই আইটী নইফুল
লহঙী পহঙী নই আইটী নইফুল
মুখৰো নোগুছে হাঁহি আইটী নইফুল
 খোপাত মাৰ গেজেংফুল
 হাততে ঐ জেতুকাৰ
 হাতৰে ঐ জেতুকাৰ বোল॥

(১৭)

চমকত চাবলৈ হায়ৈ ৰাধা হাৰলী
নহওঁ মই বিজুলি হায়ৈ ৰাধা হাৰলী
নহওঁ মই বোঁৱতী নৈয়ে ৰাধা হাৰলী
 যমুনালৈ নেযাবি
 শ্ৰীকৃষ্ণ গোসায়ে
 ঘিলা খেল ঐ খেলিছে
 বাটত ধৰি জোকাব
 হাতত ধৰি নচাব
 গাৰে নো কাপোৰ কানি
 জুৰুলি ঐ জুপুৰি।
হায়ৈ ৰাধা হাৰলী তেওঁ তোমাক নেৰিব
 মেঘে নো বৰষিব
 নাৱে নো চুঙাখোৱা
 বঠা নো পোপাখোৱা
 সাতো নো সাগৰৰে
 ধুমুহা ঐ বলিব
 আয়ৈ দেহি ৰাধিকা
 ভৰা নোকৈ যমুনা
 নাৱে নো হেঙুলীয়া
 বঠা নো হেঙুলীয়া
 তোমাৰে ঐ আমাৰে
 দেহা নো চেঙেলীয়া
চেনাইটি ঐ যমুনা ঐ নকৰে
 যমুনা ঐ নকৰে পাৰ॥