পৃষ্ঠা:বিহুগীত.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৩ ◇


 মনে তোমাক বিচাৰে
 হিয়াধুনি মৰো জিউ
 হিয়াধুনি মৰোজিউ লাগে॥

(১২)

এ দেহি তোলৈ চাই চাই হায়ৈ ডঁৰিকণা
এ দেহি বিষাল চকুদুটি হায়ৈ ডঁৰিকণা
এ দেহি থিয়হৈ বিষালে ভৰি ডঁৰিকণা
 পুঠি খলিহনা
 ৰূপৰ পানে বটা
 তুমি তামোল কটা
 ৰৈ ৰৈ ধেমালি
 কৰা ডঁৰিকণা
 পুঠি খলিহনা
 ৰৈ ৰৈ ধেমালি
 ৰৈ ৰৈ ধেমালি কৰা।
এ দেহি কোনে স্বৰজিলে হায়ৈ ডঁৰিকণা
এ দেহি তোকে ঐ লাহৰী হায়ৈ ডঁৰিকণা
এ দেহি মৰম নাইকীয়া কৰি ডঁৰিকণা
 পুঠি খলিহনা
 ৰূপৰ পানে বটা
 তুমি তামোল কটা
 ৰৈ ৰৈ ধেমালি
 কৰা ডঁৰিকণা
 পুঠি খলিহনা
 ৰৈ ৰৈ ধেমালি
 ৰৈ ৰৈ ধেমালি কৰা॥

(১৩)

আজি বিহু বিহু বনত পখি বিনালে
কালি বিহু বিহু বনত পখি বিনালে
আছিলো বটিয়া বাটি ঐ—
 বনত পখি বিনালে
 বিহু বিহু লাগিলে
 নাচনী তোলৈ মনত পৰি
 মৰো জিউ লাগিলে মন।