পৃষ্ঠা:বিহুগীত.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭২ ◇


যৌৱনৰ শুৱনী মন নহয় তুলাপাত
মনৰে জুৰণি মন নহয় তুলাপাত
বহিবৈ আছিলি তাঁতে ঐ—
 মন নহয় তুলাপাত
 উৰি উৰি যাবলৈ
 যৌৱন নহয় চিকাৰূপ
 চন্দুকতে থবলৈ
 সময় নাই যাবলৈ
 মনৰ মৰম দিবলৈ
 অন্তৰৰে কথাবোৰ
 তোমাক ভাঙি কবলৈ
 তোমাক ভাঙি কবলৈ॥

 (১১)
ৰঙতমাৰিগলি নৈ কাষৰে লিহিৰি
ৰঙাকৈ হাঁহিটি নৈ কাষৰে লিহিৰি
গঙাত মাৰি গলি বুৰে ঐ—
 নৈ কাষৰে লিহিৰি
 হালিছে ঐ জালিছে
 নাচনী তোমাৰ কাৰণে
 কান্দি আছে অন্তৰে
 চকুলো মোৰ বাগৰে
 মনে তোমাক বিচাৰে
 হিয়াধুনি মৰো জিউ
 হিয়াধুনি মৰোজিউ লাগে॥
ধেমালি চলেৰে নৈ কাষৰে লিহিৰি
চিকুট মাৰি গলি নৈ কাষৰে লিহিৰি
টোপনি নাহিলে মোৰে ঐ—
 নৈ কাষৰে লিহিৰি
 হালিছে ঐ জালিছে
 নাচনী তোমাৰ কাৰণে
 কান্দি আছে অন্তৰে
 কান্দি আছে অন্তৰে
 চকুলো মোৰ বাগৰে