পৃষ্ঠা:বিহুগীত.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭১ ◇

(৮)

তোমালৈ চাঁওতে
জপনা দেওঁতে
ফুটিলে অঘৈয়া


তোৰো মনে গলে
মোৰো মনে গলে
কি হ’ব কলিতা


   

হায়ৈ লালি জাপি
হায়ৈ লালি জাপি
হুলে লালি জাপি
ভাঙো শলিকাঠি
নিয়ৰত নিতিয়াওঁ ভৰি।
হায়ৈ লালি জাপি
হায়ৈ লালি জাপি
কুলে লালি জাপি
ভাঙো শলিকাঠি
নিয়ৰত নিতিয়াওঁ
নিয়ৰত নিতিয়াওঁ ভৰি॥

(৯)

কোনে স্বৰজিলে
তোকে নাজিতৰা
কোনে নাম দিলে জয়া।
তোকে আনিবলৈ
বৰমন আছিলে
হাতত নাইকীয়া টকা ঐ
 ৰ' ৰ' ৰতি
 মইনামতি
 যোৰহাটৰ বৰটি
 একেচাতে উৰুৱাই
 একেচাতে উৰুৱাই দিম॥

(১০)

নইৰে শুৱনী মন নহয় তুলাপাত
গঙাকৈ চিলনী মন নহয় তুলাপাত
পুখুৰী শুৱনী ঘাট ঐ
 মন নহয় তুলাপাত
 উৰি উৰি যাবলৈ
 যৌৱন নহয় চিকাৰূপ
 চন্দুকতে থবলৈ
 সময় নাই যাবলৈ
 মনৰ মৰম দিবলৈ
 অন্তৰৰে কথাবোৰ
 তোমাক ভাঙি কবলৈ॥